WATCH | ADVANTAGE ASSAM 2.0 : মা কামাখ্যালৈ প্ৰণিপাত জনাই অসমৰ বাবে মুকেশ আম্বানীয়ে কৰিলে কেইবাটাও ডাঙৰ ঘোষণা
নিউজ ডেস্ক,২৫ফেব্ৰুৱাৰী : আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাত এডভাণ্টেজ আছাম 2.0। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ। প্ৰধানমন্ত্ৰীক গামোচা, গঁড়ৰ প্ৰতীকী স্মাৰক আৰু কামাখ্যা মন্দিৰৰ স্মাৰকেৰে আদৰণি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই(ADVANTAGE ASSAM 2.0 )।
খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় হাস্পতাল খেলপথাৰত আয়োজন কৰা Advantage Assam 2.0-ত ৭খনকৈ ৰাষ্ট্ৰই অংশীদাৰিত্ব আগবঢ়াইছে। অষ্ট্ৰেলিয়া, ভূটান, জাৰ্মানী, জাপান, মালয়েছিয়া, ছিংগাপুৰ আৰু থাইলেণ্ডৰ অংশীদাৰিত্বৰে Advantage Assam 2.0 আয়োজিত হৈছে।৬১খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ এডভাণ্টেজ আছাম 2.0ত।
এডভাণ্টেজ অসম ছামিটত অংশগ্ৰহণ কৰি অসমৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। নিজৰ ভাষণৰ আৰম্ভণিতে মা কামাখ্যালৈ প্ৰণিপাত জনাই অসমৰ বাবে মুকেশ আম্বানীয়ে কৰিলে কেইবাটাও ডাঙৰ ঘোষণা।
এডভাণ্টেজ অসমলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসম তথা ভাৰতৰ প্ৰথম এডভাণ্টেজ বুলি মন্তব্য মুকেশ আম্বানীৰ।
আম্বানীয়ে কয় মোদীয়ে অসমক দিছে চাৰিটা এডভাণ্টেজ।
১. অসম আৰু উত্তৰ-পূবক ভাৰতৰ উন্নয়ন মেপত সংযুক্ত কৰিলে প্ৰধানমন্ত্ৰীয়ে। ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ৭০ বাৰৰো অধিক অসম তথা উত্তৰ-পূব ভ্ৰমণ কৰিছে মোদীয়ে।
২. মোদীয়ে অসমক দিলে এক্ট ইষ্ট, এক্ট ফাষ্ট, এক্ট ফাৰ্ষ্ট মূল মন্ত্ৰ। যাৰ ফলত পূব এছিয়া আৰু দক্ষিণ পূব এছিয়াই অসমক এতিয়া উন্নয়ন আৰু সম্ভাৱনাৰ এক নতুন গন্তব্য স্থলৰূপে চাবলৈ আৰম্ভ কৰিছে।
৩. প্ৰধানমন্ত্ৰী মোদীয়ে অসমক কেৱল যোগাযোগৰ বিপ্লৱ, ডিজিটেল বিপ্লৱ আৰু উন্নয়নেৰেই নহয়, আৱেগিকভাৱেও সমগ্ৰ ভাৰতৰ সৈতে সংযুক্ত কৰিছে।
৪. প্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নৰ প্ৰধান চালিকাশক্তিয়ে হৈছে প্ৰযুক্তি। অসম ইমানদিনলৈ চাহ শিল্পৰ স্বৰ্গ বুলি পৰিচিত আছিল। কিন্তু অনাগত দিনত অসম পৰিচিত হ’ব প্ৰযুক্তিৰ স্বৰ্গৰাজ্য ৰূপে।
লগতে পঢ়ক :ADVANTAGE ASSAM 2.0: বিজেপিৰ শাসনকালৰ ৬ বছৰত ৩ লাখ কোটি অৰ্থনীতি বৃদ্ধি হৈছে অসমত