WATCH | Sipajhar News: ছিপাঝাৰৰ শিঙিমাৰীত স্থাপন হোৱা কামাখ্যা বায়’ফুৱেলছ প্ৰাইভেট লিমিটেড কোম্পানীটোৱে সৃষ্টি কৰিছে প্ৰদূষণ
ছিপাঝাৰ,২৪ফেব্ৰুৱাৰী : ছিপাঝাৰৰ শিঙিমাৰীৰ কামাখ্যা বায় ‘ফুৱেলছ ইথানল উদ্যোগে অঞ্চলটোলৈ কঢ়িয়াই অনা বিপদৰ শংকাত ৰাজহুৱা সভা।
শব্দ প্রদূষণে জন জীৱন অতিষ্ঠ কৰাৰ পিছত এইবাৰ একেটা উদ্যোগৰ পৰা নিৰ্গত হোৱা ক’লা ধোঁৱাই আৱৰি ধৰিছে দুমুনিচকী অঞ্চল। দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দুমুনিচকী অঞ্চলত ভয়াৱহ প্রদূষণৰ প্ৰভাৱ পেলাইছে দৰং জিলাৰ এই উদ্যোগটোৱে। অসম প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ প্ৰদূষণ নিয়ন্ত্রণ আঁচনি ধোঁৱা চাঙত তুলি জন জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উঠিছে উদ্যোগ কর্তৃপক্ষৰ বিৰুদ্ধে(Sipajhar News)।
জানিব পৰা মতে, আতংকিত ৰাইজে ৰাইজ মেল অনুষ্ঠিত কৰি উদ্যোগ কর্তৃপক্ষৰ বিৰুদ্ধে প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ড আৰু জিলা প্রশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। প্রায় এটা পষেক এইধৰণে প্ৰদূষণৰ কবলত পৰিছে দুয়োখন জিলাৰ ৰাইজ। দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দুমুনিচকীৰ নিকটৱৰ্তী শিঙিমাৰীৰ কামাখ্যা বায়’ফুৱেলছ প্রাইভেট লিমিটেড নামৰ ইথান’ল প্ৰস্তুত কৰা উদ্যোগৰ শব্দ প্ৰদূষণ সমান্তৰালভাৱে এইবাৰ আন এক প্ৰদূষণৰ কবলত পৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ।
কামাখ্যা বায়’ফুরেলছ প্রাইভেট লিমিটেড নামৰ ইথান’ল প্ৰস্তুত কৰা উদ্যোগৰ পৰা নিৰ্গত ধোঁৱাৰ পৰা বাহিৰ হোৱা বেয়া দুৰ্গন্ধ আৰু প্ৰদূষণৰ ভয়ত দুমুনিচকীত মানুহে মুখত মাক্স পিন্ধা আৰম্ভ কৰিছে। এতিয়া কামাখ্যা বায়’ফুবেলছ প্রাইভেট লিমিটেডৰ মেচিনৰ পৰা নিৰ্গত হোৱা ক’লা ধোঁৱা বায়ুৰ লগত মিহলি হৈ ক’লা ক’লা সৰু সৰু গুৰি সৃষ্টি হৈ পৰিৱেশ দূষিত কৰিছে।দুমুনিচকী অঞ্চলৰ ৰাইজে কিছুদিনৰ পৰা এই ক’লা গুৰি বিলাক দেখি আতংকিত হৈ পৰে। পুলক চমুৱাই পৰিচালনা কৰা ৰাজহুৱা সভাত উদ্দেশ্য বাখ্যা কৰে ৰাজু আহমেদে।
প্ৰায় তিনি শতাধিক ৰাইজ উপস্থিত থকা সভাত অসম চৰকাৰ আৰু দৰং জিলা প্ৰশাসনক বায়ু প্ৰদূষণ ৰোধ কৰাত পদক্ষেপ ল’বলৈ আহ্বান জনায়। ইয়াৰ বাবে আজিৰ সভাত এখন উচ্চ ক্ষমতা সম্পন্ন এখন ৰাজহুৱা সমিতি গঠন কৰে নাগৰিক সমাজে।
দৰং জিলাৰ ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক উপস্থিত থকা সভাত প্ৰথম পদক্ষেপ হিচাপে দৰং জিলাৰ জিলা আয়ুক্ত, ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, ছিপাঝাৰ সমষ্টিৰ বিধায়ক,অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড আদিৰ লগতে বিভাগীয় মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লয়।পিছৰ পৰ্যায়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিষয়টোৰ গুৰুত্ব বুজি স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত লোৱা হয়।
লগতে পঢ়ক :WATCH | Bhupen Kumar Borah: ‘অসমত চলি থকা জংঘল ৰাজক লৈ কি ক’ব প্ৰধানমন্ত্ৰী মোদীয়ে?’