WATCH | Tragic accident in Chenga: নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুৎৰ খুটাত খুন্দা চাৰিচকীয়া বাহনৰ
বৰপেটা,২৫ফেব্ৰুৱাৰী : চেঙাত ভয়ংকৰ পথ দুৰ্ঘটনা।
থিতাতে নিহত এজন আহত দুজন
বৰপেটাৰ নিজ চেঙাত নিশা সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুৎৰ খুটাত খুন্দা চাৰিচকীয়া বাহনৰ(Tragic accident in Chenga) ।
এ এছ- ০১-ডি- টি ৬৩৫০ নম্বৰৰ ৱেগনাৰ বাহনে বৰপেটাৰ পৰা চেঙা অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই নিজ চেঙাত পথৰ কাষত থকা বিদ্যুৎৰ খুটাত খুন্দা মাৰে।ফলত
দুৰ্ঘটনাত এজন থিতাতে নিহত হয় আৰু দুজন গুৰুতৰ ভাবে আহত হয়।
নিহত লোকজন কুকাৰ পাৰ গাঁৱৰ ছাঁনোৱাৰ কাজী আৰু আহত লোকদুজন কুকাৰ পাৰ গাঁৱৰ ফৰহাদ আলি আৰু মৃদুল আলি বুলি জানিব পৰা গৈছে।
আহত লোদুজনক চিকিৎসাৰ কাৰণে ইতিমধ্যে বৰপেটা ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হয় ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক:WATCH | ADVANTAGE ASSAM 2.0: অসমত উপস্থিত ছিংগাপুৰৰ উচ্চায়ুক্ত H.E Simon Wong