Local, Vocal, Global

WATCH | IIT Baba : ভৱিষ্যদ্বাণী কয় বিপদতত আই আই টি বাবা

নিউজ ডেস্ক,২৪ফেব্ৰুৱাৰী : মহা কুম্ভমেলাত চৰ্চালৈ আহিছিল অভয় সিং।

চেম্পিয়নছ ট্ৰফীৰ ভাৰত-পাকিস্তানৰ খেলখনত ভাৰত হাৰিব বুলি ভৱিষ্যদ্বাণী কৰিছিল আই আই টি বাবাই।

কিন্তু, বাবাৰ ভৱিষ্যদ্বাণী নিমিলিল। ৬ উইকেটত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰে(IIT Baba)।

ভাৰতৰ বৃহৎ জয়ৰ পাছতেই সকলোৱে দৃষ্টি নিবদ্ধ হৈছিল বাবাৰ ওপৰত।

শেহতীয়াকৈ সোমবাৰে পুৱা আই আই আই টি বাবাই বিচাৰিলে ক্ষমা।

ক্ষমা বিচাৰি তেওঁ কয়, ‘মই ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছোঁ। ভাৰতৰ এই জয় সকলোৱে উদযাপন কৰিব লাগে। অৱশ্যে, মোৰ মনে কৈ আছিল যে ভাৰতে জয়লাভ কৰিব।’

লগতে পঢ়ক:WATCH | PM Kisan Samman Nidhi Yojana: PM Kisan আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ