WATCH | Teok News: মেলেঙত অসম খিলঞ্জীয়া দিৱস উদযাপন
টিয়ক,২৪ফেব্ৰুৱাৰী : মেলেঙত অসম খিলঞ্জীয়া দিৱস উদযাপন । বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি জাতীয় বীৰ লাচিত বৰফুকনৰ ক্ষেত্ৰ মেলেং মেটেলিত দিনজোৰা কাৰ্যসূচীৰে অসম খিলঞ্জীয়া দিৱস উদযাপন কৰা হয়(Teok News)।
পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে পালন কৰা লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বীৰ লাচিত সেনাৰ সেনানী সকল উপস্থিত হোৱা কাৰ্যসূচীত ৰাজীৱ শদিয়া সোঁৱৰণী মঞ্চৰ ৩৭ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰে জাতীয় বীৰ লাচিত মৈদাম লৈ গৈ লাচিতৰ সমাধিস্থলী সেৱা জনায় লাচিতৰ মৈদামৰ সংগ্ৰাহলয়লৈ এখনি হেঙদান উপহাৰ দিয়ে।
লগতে পঢ়ক :WATCH | Tragic incident: দলঙৰ কাম চাবলৈ গৈ নৈত পৰি মৃত্যু যুৱকৰ