Local, Vocal, Global

WATCH | Drugs peddler arrested along with drugs: ৰঙিয়াত জব্দ বুজন পৰিমাণৰ গাঞ্জা;আটক সৰবৰাহকাৰী

ৰঙিয়া,২৪,ফেব্ৰুৱাৰী: ৰঙিয়াত বিলাসী বাহনৰ পৰা জব্দ প্ৰায় ১২ কেজি নিষিদ্ধ গাঞ্জা।

ৰঙিয়া আৰক্ষী আৰু তুলসীবাৰী আৰক্ষীৰ যৌথ অভিযানত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া ভূটান আন্তৰাষ্ট্ৰীয় ঘাইপথৰ তৰণীত গাঞ্জাৰ লগতে আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীক। আটকাধীন সৰবৰাহকাৰীজন ফাৰুক খান বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে AS 06L 5983 নম্বৰৰ এখন ছুইফট বাহন জব্দ কৰিবলৈ সক্ষম হয়( Drugs peddler arrested along with drugs)।

উল্লেখযোগ্য যে আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলাই আছে অভিযান।অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে অপৰাধী।তাৰ পিছতে একাংশ দুষ্ট চক্ৰই যেন চলাই আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় । ন ন কৌশলৰে ৰঙিয়াত চলাই গৈছে বিভিন্ন অপৰাধ মূলক কাৰ্য‌ যাৰ বাবে চিন্তিত হৈ পৰিছে ৰঙিয়া বাসী।

লগতে পঢ়ক:WATCH | Hajo News: নলবাৰীৰ বৰভাগত কংগ্ৰেছৰ গড়াখহনীয়া