Local, Vocal, Global

WATCH | Sensational incident: মৰিয়নিত নৃশংস হত্যাকাণ্ড;মানসিক বিকাৰগ্ৰস্ত যুৱকৰ আক্ৰমনত নিহত এজন

মৰিয়নি,২৪ফেব্ৰুৱাৰী: মৰিয়নিত নৃশংস হত্যাকাণ্ড। মানসিক বিকাৰগ্ৰস্ত যুৱকৰ আক্ৰমনত নিহত এজন।

নকছাৰী তিৰুৱাল চাহ বাগিছাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পিংকু হাতীবৰুৱা নামৰ মানসিক বিকাৰগ্ৰস্থ যুৱকজনে ৰডেৰে মৰিয়াই হত্যা কৰে সুন্টো ঘাটোৱাল নামৰ যুৱকজনক।

ইফালে ৰডৰ আক্ৰমণত গুৰুতভাৱে আহত হয় মিন্টু ঘাটোৱাল নামৰ আন এজন যুৱক। হত্যাকাৰী পিংকু হাতীবৰুৱাৰ বাসগৃহত কেইবাশতাধিক উত্তেজিত ৰাইজৰ আক্ৰমন।

বাসগৃহৰ লগতে বাহন ভাঙি লণ্ড ভণ্ড কৰে।ঘৰৰ ভিতৰত আবদ্ধ কেইবাগৰাকীও লোক।গৃহত অগ্নি সংযোগৰ চেষ্টা একাংশ উত্তেজিত লোকৰ। দেবেৰাপাৰ আৰু মৰিয়নি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা(Sensational incident)।

লগতে পঢ়ক:WATCH | Hajo News: নলবাৰীৰ বৰভাগত কংগ্ৰেছৰ গড়াখহনীয়া