Local, Vocal, Global

Watch | নাজিৰা শিমলুগুৰিৰ ঐতিহাসিক হজৰত শ্বাৱালপীৰ দৰগাহ শ্বৰীফত বাৰ্ষিক ৰাজহুৱা জীয়াৰৎ দোৱা অনুষ্ঠান

গুৱাহাটী: জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ বাৰ্ষিক ৰাজহুৱা জীয়াৰৎ দোৱা অনুষ্ঠানত৷ আহোম ৰাজত্ব কালতে শিমলুগুৰিৰ সেন্দুৰী ৰামু দেওধাই গাঁৱত স্থাপন হৈছিল ঐশ্বৰিক শক্তিৰ অধিকাৰী হজৰত শ্বাৱালপীৰ চাহেবৰ দৰগাহ শ্বৰীফ৷ দূৰদূৰণিৰ পৰা এই হজৰত শ্বাৱালপীৰ (ৰঃ)চাহেবৰ দৰগাহ শ্বৰীফলৈ জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিভিন্নলোকৰ আগমন হয়৷ এই হজৰত শ্বাৱালপীৰ (ৰঃ) চাহেবৰ দৰগাহ শ্বৰীফত আজি এদিনীয়াকৈ অনুষ্ঠিত হয় বাৰ্ষিক ৰাজহুৱা জীয়াৰৎ দোৱা অনুষ্ঠান৷ এদিনীয়াকৈ অনুষ্ঠিত এই বাৰ্ষিক ৰাজহুৱা জীয়াৰৎ দোৱা অনুষ্ঠানত বিভিন্ন প্ৰান্তৰৰ জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিভিন্নলোকে অংশগ্ৰহণ কৰে৷এই অনুষ্ঠানৰ সৈতে সংগতি প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই আৰু অসমৰ ইউটিউবাৰ সময় গগৈক ‘শ্বাৱাল পীৰ চাহেব সমাজ সেৱা বঁটা’ প্ৰদান কৰা হয় ৷