Local, Vocal, Global

WATCH | Fire breaks out in train coach: শিলচৰ- তিনিচুকীয়া এক্সপ্ৰেছত অগ্নিকাণ্ড

নিউজ ডেস্ক,২৩ফেব্ৰুৱাৰী : ৰাজ্যত পুনৰ চলন্ত ৰেলত অগ্নিকাণ্ড। এইবাৰ কাছাৰ জিলাত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা । শনিবাৰে নিশা শিলচৰ- তিনিচুকীয়া (বৰাক-ব্ৰহ্মপুত্ৰ) এক্সপ্ৰেছত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। শিলচৰৰ পৰা তিনিচুকীয়ালৈ যাত্ৰা কৰাৰ পিচত বিহাড়াত ষ্টেচনত হঠাতে ৰেলখনৰ এটা ডবাত জুইৰ সূত্ৰপাত ঘটে । এই ঘটনাত আতংকিত হৈ পৰে যাত্ৰী সকল(Fire breaks out in train coach in Assam)।

নিমিষতে হূলস্হুল লাগে যাত্ৰী সকলৰ মাজত। অৱশ্যে, ৰে’ল আৰক্ষীয়ে তৎপৰতাৰে জুই নিৰ্বাপণ কৰাৰ ফলত কথমপি এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ৰেলখনৰ যাত্ৰী সকল।‌

লগতে পঢ়ক:WATCH | Himanta Biswa Sarma: কেবিনেট বৈঠকৰ অন্তত সংবাদেল সম্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে