WATCH | Mushalpur News: বাক্সা জিলা সাহিত্য সভাৰ দশম দ্বি-বাৰ্ষিক জলাগাঁও অধিবেশনৰ আজি দ্বিতীয় দিন
মুছলপুৰ,২৩ফেব্ৰুৱাৰী : বাক্সা জিলা সাহিত্য সভাৰ দশম দ্বি-বাৰ্ষিক অধিবেশনখন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বাক্সাৰ জলাগাঁৱত । আজি দ্বিতীয়টো দিনত ৰাতিপুৱাৰে পৰা ৰূপায়িত হয় বিভিন্ন কাৰ্যসূচী । নৱ নিৰ্বাচিত সভাপতি যামিনী দাস তালুকদাৰক লৈ উলিওৱা হয় শোভাযাত্ৰা । শোভাযাত্ৰাত প্ৰদৰ্শিত হয় বিভিন্ন কৃষ্টি সংস্কৃতি আৰু পৰম্পৰা(Mushalpur News)।
শান্তি পূৰ্ণ শোভাযাত্ৰাৰ অন্তত মুকলি সভা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দি নৱ নিৰ্বাচিত সভাপতি যামিনী দাস তালুকদাৰে মুকলি সভাত মুখপত্ৰ উন্মোচনৰ লগতে বিশিষ্ট অতিথিৰ দ্বাৰা ভাষণ প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে । তেওঁ লগতে সকলোৰে দিহা-পৰামৰ্শ তথা সহায়-সহযোগিতাৰে আজিৰে পৰা কাম কৰি যাবলৈ মই আশা কৰিছো বুলি মন্তব্য কৰে।
লগতে পঢ়ক: WATCH | Akhil Gogoi: ‘বক্রপথেৰে যদি চাকৰি লৈছে তেন্তে বৰ্খাস্ত কৰিব লাগে মোৰ পত্নীক’ : অখিল গগৈ