WATCH | Jamugurihat Theft: ৰঙাপৰাত চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাস সৃষ্টি কৰা দুই গভাইত চোৰক আটক

জামুগুৰিহাট,২৩ফেব্ৰুৱাৰী : ৰঙাপৰাত চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাস সৃষ্টি কৰা দুই গভাইত চোৰক আটক আৰক্ষীৰ ৷
ৰঙাপৰাত দিন দুপৰতে কেইবাখনো দোকানত চুৰিকাণ্ড সংঘটিত কৰি ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা দুই গভাইত চোৰক ৰঙাপৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ ৰঙাপৰাৰ দুখনকৈ হাৰ্ডওৱেৰ দোকানত দিন দুপৰতে নগদ টকাৰ লগতে সামগ্ৰী চুৰি কৰি উধাও হৈছিল নগাঁৱৰ দুই গভাইত চোৰ ক্ৰমে আহমেদ আলি আৰু নবি হুছেইন(Jamugurihat Theft) ৷
বালাজি হাৰ্ডওৱেৰ পৰা দিন দুপৰতে নগদ ৩৫ হাজাৰ টকাৰ লগতে এটি মবাইল ফোন আৰু শিৱম হাৰ্ডওৱেৰ পৰা নগদ ২০ হাজাৰ টকাৰ লগতে এটি পাম্প মেচিন চুৰি কৰি উধাও হৈছিল দুই চোৰ ৷ ৰঙাপৰা আৰক্ষীয়ে দোকানৰ চি চি টিভি ফুটেজৰ সহায়ত চিনাক্ত নগাঁও চামগুৰি খলিহামাৰীৰ পৰা আহমেদ আলি আৰু নগাঁও মিছাৰ পৰা নবি হুছেইন নামৰ দুই চোৰক নগাঁও আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় ৷ ২৭ আৰু ২৯ জানুৱাৰীত সংঘটিত হৈছিল চুৰি কাণ্ডটি ৷ ৰঙাপৰাৰ গাড়ী চুৰিকাণ্ডৰ সৈতে আটকাধীন দুই চোৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷
লগতে পঢ়ক:WATCH | Jagiroad News: মহাশিৱৰাত্ৰিলৈ মাজত মাথোঁ দুটা দিন