WATCH | Drugs peddler arrested along with drugs: বিলাসীপাৰাত জব্দ বুজন পৰিমাণৰ হেৰ’ইন;আটক সৰবৰাহকাৰী
বিলাসীপাৰা,২৩ফেব্ৰুৱাৰী : বিলাসীপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান । অভিযানত সন্দেহজনক হেৰ’ইন সহ আটক মহিলা আৰু এজন যুৱক।
আনন্দ নগৰ খেৰবাৰীৰ ছাহেৰা বেগমৰ বাসগৃহত অভিযান চলাই ১৪.৬৭ গ্ৰাম সন্দেহজনক হেৰ’ইন সহ আটক কৰে ড্ৰাগছ ব্যৱসায়ীৰ মূল মাষ্টাৰ মাইণ্ড বাবলি বেগম ওৰফে ববিতা সহ মিজানুৰ ইছলাম খন্দকাৰক ।
উল্লেখ্য যে, যোৱা ১৭ ফেব্ৰুৱাৰীত বাবলি বেগমৰ সুৰ্যখাতাস্থিত বাসগৃহত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটাই চলাইছিল অভিযান | অভিযানত ৬১ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ আৰু ৫৭ টা খালি কন্টেনাৰ সহ আটক কৰিছিল বাবলি বেগমৰ পুত্ৰ বোৱাৰী মামনি বেগমক । কিন্তু কৌশলগত ভাবে পলায়ন কৰিছিল বাবলি বেগমে | বাবলি বেগক আটক কৰিবলৈ বিলাসীপাৰা আৰক্ষীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছিল ।
তাৎপৰ্যপূৰ্ণ বিষয় যে পলাতক অৱস্থাত থাকিও বাবলি বেগমে পূৰ্ণদমে ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি জানিব পৰা গৈছে । ড্ৰাগছৰ ব্যৱসায়ৰে সমাজ ধ্বংসকাৰী বাবলি বেগমৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে(Drugs peddler arrested along with drugs)।
লগতে পঢ়ক:WATCH | Nagaon News: নগাঁৱৰ প্ৰেছ ক্লাবত ইউনাইটেড পিপল’ৰ ফৰামৰ সংবাদ মেল