WATCH | Tragic road accident: অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত শিশু
বিলাসীপাৰা,২৩ফেব্ৰুৱাৰী : অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত শিশু ।
বিলাসীপাৰাৰ হাতীপোতা ২য় খণ্ডত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।
অবৈধ বালি কঢ়িওৱা তীব্ৰবেগী ট্ৰেক্টৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়ি নিলে এটি নিষ্পাপ শিশুৰ(Tragic road accident)।
ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে ঘটনাস্থলীত সাব্যস্ত কৰে প্ৰতিবাদ ।
নিহত শিশুটি বামুনপাৰা ৫ম খণ্ডৰ তালেব আলীৰ ৫ বছৰীয়া কন্যা মজিৰন নেছা।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰেক্টৰৰ চালক ।
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰ খনৰ নম্বৰ AS 17 C – 4794.
অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্মত অতীষ্ঠ বিলাসীপাৰাবাসী ।
ৰোকাখাতা খণ্ড বন কাৰ্যালয়ৰ বিষয়া কৰ্মীৰ নিৰ্বিকাৰ ভুমিকাৰ অভিযোগ ।
লগতে পঢ়ক:WATCH | Bishwanath News : বিশ্বনাথৰ পৌৰ সভাৰ সভাকক্ষত বাজেট সম্পৰ্কত সংবাদমেল