Local, Vocal, Global

WATCH | USTM Chancellor Mahbubul Hoque Arrested:জেৰাৰ অন্তত গ্ৰেপ্তাৰ হ’ল USTMৰ স্বত্ত্বাধিকাৰী মহবুবুল হক

নিউজ ডেস্ক,২২ফেব্ৰুৱাৰী : জেৰাৰ অন্তত গ্ৰেপ্তাৰ হ’ল USTMৰ স্বত্ত্বাধিকাৰী মহবুবুল হক । CBSEৰ দ্বাদশ বৰ্ষৰ শিক্ষাৰ্থীক সহায় কৰাৰ প্ৰলোভন দি ধন লোৱাৰ অভিযোগ USTMৰ স্বত্ত্বাধিকাৰী গৰাকীৰ বিৰুদ্ধে ।

এই গোচৰতেই ঘোৰামাৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ মহবুবুল হকক। নিশাই মহবুবুল হকক লৈ যোৱা হয় শ্ৰীভূমিলৈ।জেৰাৰ অন্তত গ্ৰেপ্তাৰ USTMৰ স্বত্ত্বাধিকাৰী মহবুবুল হকক(USTM Chancellor Mahbubul Hoque Arrested)।

বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে আচাৰ্য মহবুবুল হকক। শুকুৰবাৰে মাজ নিশা মহানগৰ আৰক্ষী, STF আৰু শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে মহবুবুল হকক।

শুকুৰবাৰে মাজ নিশা মহানগৰ আৰক্ষী, STF আৰু শ্ৰীভূমি আৰক্ষীয়ে আটক কৰে মহবুবুল হকক। গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা আটক কৰে আচাৰ্য মহবুবুল হকক। মাজ নিশা ডেৰ বজাত আটক আচাৰ্যগৰাকীক। মহবুবুল হকৰ বিৰুদ্ধে উত্থাপন হৈছিল কেইবাটাও অভিযোগ। অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ USTMৰ স্বত্ত্বাধিকাৰী মহবুবুল হকক।

USTMত ধন লৈ পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ আছে অভিযোগ। USTMৰ অধীনৰ বিদ্যালয়ত অনিয়মৰ অভিযোগ। পৰীক্ষাৰ্থীক ধনৰ বিনিময়ত সহায় কৰাৰ অভিযোগ। পাথাৰকান্দিত USTMৰ অধীনৰ বিদ্যালয়ৰ বিৰুদ্ধেও আছে অভিযোগ। পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত ধনৰ লেনদেনৰ উত্থাপন হৈছিল অভিযোগ। শুকুৰবাৰে চেণ্ট্ৰেল পাব্লিক স্কুলত সৃষ্টি হৈছিল উত্তেজনা। 54/2025 পঞ্জীয়ন নম্বৰত মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে মূলতঃ ৰুজু হৈছে প্ৰবঞ্চনাৰ গোচৰ।

লগতে পঢ়ক :WATCH | 12 Congress workers detained in Chapar: গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীলৈ ৰাওনা হোৱা কংগ্ৰেছ কৰ্মীক আটক