Local, Vocal, Global

Watch | Dergaon news: দেৰগাঁৱত চেপা উত্তেজনা

গুৱাহাটী: আজিও সামকতা নাই দেৰগাঁৱত চেপা উত্তেজনা ৷নিশা দেৰগাঁৱৰ চয়াবিন ফেক্টৰীৰ মেচিনত সোমাই মৃত্যু মুখত পৰিছিল দেৰগাঁৱৰ এজন যুৱক ঔম প্ৰকাশ চাহু ৷ আজি দুভগীয়া পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে দেৰগাঁও আৰক্ষী থানাত উপস্থিত হৈ উক্ত ঘটনাৰ তদন্ত দাবী কৰে। ক্ৰেষ্ট ইণ্ডিয়া নামৰ চয়াবিন ফেক্টৰীটোৰ মালিক শ্যামসুন্দৰ আগৰৱালা।


তেওঁৰ মৃত্যুৰ পাছতে নিঠৰুৱা হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। ঘৰ খনত উপাৰ্জনৰ একমাত্ৰ ব্যক্তি আছিল ঔম প্ৰকাশ চাহু। পত্নী চুজাতা চাহু আৰু এটি ৭ বছৰীয়া কন্যা সন্তান এতিয়া অকলশৰীয়া হৈ পৰিছে। কাল অমানিশা নামি আহিল পৰিয়ালটোলৈ ৷ এতিয়াও মৃতদেহৰ পোষ্টমৰ্টন হোৱা নাই। পৰিয়ালৰ অভিযোগ মতে মালিকপক্ষৰ চৰম গাফিলতিৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি সংবাদমাধ্যমৰ আগত অৱগত কৰে । মালিকপক্ষৰ পৰা দুৰ্ভগীয়া পৰিয়ালটোৱে ক্ষতিপূৰণ দাবী কৰিছে ।