Watch | The annual magazine of the college “Kakjanian” was launched: মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী “কাকজনীয়ান”ৰ শুভ উন্মোচন
টীয়ক: উজনী অসমৰ অন্যতম এখন অগ্রণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ। লিটাৰেৰী ক্লাৱৰ উদ্যোগত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিত কোষৰ সহযোগত, মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহামাৰীৰ পৰৱৰ্তী সময়ত ছপা মাধ্যমৰ পৰিৱৰ্তিত ধাৰা শীৰ্ষক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লিটাৰেৰী ক্লাৱৰ সমন্বয়ক ভৈৰবানন্দ বৰাই আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষা ড° ৰশ্মিৰেখা শইকীয়াই। নিৰ্দিষ্ট বক্তা হিচাপে জ্যেষ্ঠ সাংবাদিক , লেখক জিতুমনি বৰা উপস্থিত থাকি ছপা মাধ্যমৰ ওপৰত এক সাৱলীল বক্তৃতা প্ৰদান প্ৰদান কৰে। অধ্যাপক ধ্ৰুবজ্যোতি শইকীয়াই শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে পূৱ যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰাম প্ৰসাদ ফুকন ,টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি বিজু তনুৱাল ,কৃতি শিক্ষক কেশৱ বৰা টিয়ক আৰু পূব যোৰহাটৰ সাংবাদিক সকল উপস্থিত থাকে । অনুষ্ঠানতে মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী “কাকজনীয়ান”ৰ শুভ উন্মোচন কৰা হয়।