WATCH | Assam Jhumur Dance World Record : ঝুমুৰে অভিলেখ গঢ়িবলৈ আজি গুৱাহাটীলৈ ৰাওনা বিভিন্ন দলৰ
বিশ্বনাথ,২০ফেব্ৰুৱাৰী : অসমীয়া সংস্কৃতিৰ অভিন্ন অংগ ‘ঝুমুৰ’ক স্বীকৃতি আৰু প্ৰসিদ্ধি প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ‘ঝুমুৰ বিনন্দিনী’ (Mega Jhumoir) কাৰ্যসূচী।
প্ৰস্তাৱিত সিদ্ধান্ত মৰ্মে আগন্তুক ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৭৫০০ গৰাকী শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত এক বৃহৎ কলেবৰত প্ৰদৰ্শন কৰিব চাহ জনগোষ্ঠীৰ স্বাভীমানৰ প্ৰতীক ঝুমুৰ নৃত্য(Assam Jhumur Dance World Record)।
বিশ্বনাথ জিলাৰ ঝুমুৰ শিল্পীসকলক এই ঐতিসাহিক ক্ষণৰ সাক্ষী আৰু অংশগ্ৰহণ কৰোৱাৰ বাবে বিশ্বনাথ বিহালী গহপুৰ এই তিনিটা বিধানসভা সমষ্টিৰ পৰা ২২৪ গৰাকী নাচনী ৰ ভিতৰত ১৩ গৰাকী মাষ্টাৰ ট্ৰেনাৰ আৰু ঢোল বাদক আৰু বাঁহী বাদকে এই ঝুমুৰ বিনন্দীনি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ কাছাৰী ময়দানৰ পৰা ৰাওনা কৰিছে ৮ যাত্ৰীবাহী বাছ। এই উপলক্ষে জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে সকলোকে শুভেচ্ছা জনাই ফ্লেগ’অৱ কৰে ৷