WATCH | Mangaldoi News: মঙলদৈত চহী জাল কৰি থানাৰ আলহী হ’ল পঞ্চায়ত সচিব
মঙলদৈ,২০ফেব্ৰুৱাৰী : মঙলদৈত চহী জাল কৰি থানাৰ আলহী হ’ল পঞ্চায়ত সচিব।
অৰুণোদয় আঁচনিৰ হিতাধিকাৰী কমিটিৰ সদস্য দিলীপ দাসৰ চহী জাল কৰি হিতাধিকাৰী তালিকা প্ৰস্তুত কৰাৰ অভিযোগ সচিবৰ বিৰুদ্ধে।
দৰং জিলাৰ অন্তৰ্গত ৰামহৰি পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে এজাহাৰ দাখিল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী কমিটিৰ সদস্য দিলীপ দাসৰ(Mangaldoi News)।
চহী জাল কৰি সচিব ৰীনা ডেকাই অৰুণোদয় হিতাধিকাৰীৰ নামত কেলেংকাৰী সংঘটিত কৰাৰো অভিযোগ আনে দিলীপ দাসে।
উল্লেখযোগ্য যে ৰামহৰি গাঁও পঞ্চায়ত এলেকাত অৰুণোদয় আঁচনিৰ তালিকা প্ৰস্তুত কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ পৰা বিৰিঞ্চি চহৰীয়া, বিমল দাস আৰু দিলীপ দাস ক অন্তৰ্ভুক্ত কৰি এখন কমিটি গঠন কৰি দিছিল।
উক্ত কমিটি খনৰ গুৰু দায়িত্বত আছিল পঞ্চায়ত খনৰ সচিব ৰীনা ডেকা। কিন্তু তালিকা প্ৰস্তুত কৰাৰ সময়ত কমিটিৰ অন্যতম সদস্য দিলীপ দাসক অন্ধকাৰত ৰাখি তেওঁৰ চহী জাল কৰি সম্পূৰ্ণ তালিকা খন দৰং জিলা পৰিষদত জমা দিয়ে।
তালিকা জমা দিয়াৰ পিছতহে সদস্য দিলীপ দাসে অৱগত হয় আৰু এনে কাৰ্যৰ বাবে আৰক্ষীৰ কাষ চাপে।ইতিমধ্যে সোধাপোছাৰ বাবে সচিব ৰীনা ডেকাক মঙলদৈ থানালৈ লৈ আনে।আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত সত্য জানিব পৰা যাব।
লগতে পঢ়ক:WATCH | Bilasipara News: বিলাসীপাৰাত সক্ৰিয় অবৈধ বালি আৰু চোৰাং কাঠ ব্যৱসায়ী চক্ৰ