Local, Vocal, Global

WATCH | Himanta Biswa Sarma: নিশাই খানাপাৰাত এডভাণ্টেজ আছাম 2.0ৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেস্ক,২০ফেব্ৰুৱাৰী : নিশাই খানাপাৰাত এডভাণ্টেজ আছাম 2.0ৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma)।

মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে, ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী৷ সৰুসজাইত ঝুমইৰ নৃত্য উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ২৫ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত এডভাণ্টেজ আছামৰ উদ্বোধনী অনুষ্ঠানতো ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে ।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ‘‘ঝুমইৰ পাছতে বাগৰুম্বা নৃত্যৰেও অভিলেখ গঢ়িব ৰাজ্য চৰকাৰে৷ অক্টোবৰ-নৱেম্বৰ-ডিচেম্বৰত অনুষ্ঠিত হ’ব বাগৰুম্বা নৃত্য৷ জাতীয় সংগীত পৰিৱেশনেৰেও অভিলেখ গঢ়িব চৰকাৰে৷’’

লগতে পঢ়ক :WATCH | Ali Aye Ligang: আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং