Local, Vocal, Global

WATCH | Ali Aye Ligang: আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং

টিয়ক,২০ফেব্ৰুৱাৰী : মিচিং জনগোষ্ঠীয় কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং। সমগ্ৰ ৰাজ্যৰ মিচিং সমাজে বুধবাৰে আলি আয়ে লৃগাং উদযাপন কৰে। জনজাতীয় সাজপাৰ পৰিধান কৰি মিচিং মৰং ঘৰৰ বাকৰিত আয়োজন কৰা এই দিনযোৰা কাৰ্যসূচীৰ আৰম্ভণিতে পূৰ্বৰ মাংগলিক নীতি নিয়ম অৱলম্বন কৰি শস্যৰ বীজ ৰোপনৰ পৰ্ব আৰম্ভ কৰিছে আৰু আগন্তুক বছৰটোত যেন খেতি খোলা ভাল হয় তাৰ বাবে ইষ্ট দেৱতাৰ চৰণত সেৱা লৈছে অঞ্চলবাসীয়ে(Ali Aye Ligang)।

লগতে গোমৰাগ নৃত্য তথা ঐনিতম সুৰত মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিবেশ। ঐনিতমৰ সুৰত নাচিছে মিচিং ডেকা গাভৰু।

উল্লেখযোগ্য যে আলি আয়ে ইতিমধ্যে পৰ আপুং,গাহৰি মাংসকে ধৰি বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছে ৰাইজৰ বাবে।ইপিনে মাংগলিক ৰীতিনীতিৰ মাজতে প্ৰতিযোগিতা,নৃত্য ন এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে।

লগতে পঢ়ক:WATCH| Chapar News: চাপৰৰ শালকোচা আৰক্ষীৰ জালত ডকাইত