WATCH| Hajo News:হাজো আৰক্ষী থানাৰ চৌহদত দুই মহিলাৰ প্ৰচণ্ড মাৰপিট
হাজো,২০ফেব্ৰুৱাৰী : হাজো আৰক্ষী থানাৰ চৌহদত দুই মহিলাৰ প্ৰচণ্ড মাৰপিট । এগৰাকী ছাত্ৰীয়ে এগৰাকী যুৱকৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এই মাৰপিট্ ।
জানিব পৰা মতে, বুধবাৰে সুৰেন দাস মহাবিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ পিছত ছাত্ৰী গৰাকীক আদবাটতে আগভেটি ধৰি যুৱক গৰাকীয়ে ছাত্ৰী গৰাকীক ডিঙি, মূৰ, মুখত আঘাত কৰে । ইয়াতে শান্ত নহৈ যুৱক গৰাকীয়ে আজি পুনৰ ফোণ যোগে এচিডেৰে আক্ৰমণ কৰাৰ ভাবুকি প্ৰদান কৰে । ইয়াতে ছাত্ৰী গৰাকীয়ে ভীতিগ্ৰস্ত হৈ পৰিয়ালৰ লোকক ঘটনাটো জনোৱাত ছাত্ৰী গৰাকীক লৈ পৰিয়ালৰ লোকে হাজো থানাত এখন এজাহাৰ দাখিল কৰে( Hajo News)।
ইয়াৰ কিছু সময় পিছতে হাজো থানাত উপস্থিত হৈ যুৱক গৰাকীৰ মাতৃয়ে ছাত্ৰী গৰাকীৰ মাতৃৰ লগতে আত্মীয়ৰ ওপৰত আক্ৰমণ কৰে । আচম্বিতে হোৱা কাজিয়া সকলোৱে ভেবা লাগি চাই থাকিল । পিছত হাজো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে । প্ৰেমিক হীৰাজনি গাৱঁৰ অসম আৰক্ষী বিভাগৰ কৰ্মৰত APRO মনোৱাৰ হুছেইন । ছাত্ৰী গৰাকীও একেখন গাৱঁৰ বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত হাজো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:WATCH | APSC scam: “APSC কেলেংকাৰীৰ মূল খলনায়ক হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা”