WATCH | Lumding News: লামডিঙত পথ সুৰক্ষাৰ উদ্দেশ্যে বিশেষ নাকা চেকিং
লামডিং,১৯নৱেম্বৰ: আজিৰ হোজাই জিলা প্ৰশাসনৰ উদ্যোগত লামডিঙত পথ সুৰক্ষাৰ বাবে বিশেষ নাকা চেকিঙৰ আয়োজন কৰা হয়।
লামডিং কালিবাঢ়ি, ইটা ভাট্যা চাৰিআলি, ডিফু ৰোডসহ লামডিংৰ বিভিন্ন অঞ্চলত হোজাই জিলা প্ৰশাসন, হোজাই জিলা পৰিৱহন বিভাগ, MVI আৰু লামডিং আৰক্ষীৰ সহযোগত পথ সুৰক্ষা সজাগতা বৃদ্ধি কৰাৰ লগতে নাকা চেকিং কৰা হয়( Lumding News)।
এই বিশেষ পথ সুৰক্ষা অনুষ্ঠানত লামডিং PVM,লামডিং প্ৰণৱ বিদ্যাপীঠ বিদ্যালয়, নেশ্যনেল হাইয়াৰ চেকেণ্ডেৰী বিদ্যালয়ৰ, শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি ৰাইজক সজাগ কৰে। আৰক্ষীৰ লগতে ছাত্ৰ ছাত্ৰী সকলেও মটৰ চাইকেল আৰোহী আৰু চাৰি চকীয়া বাহনৰ চালকক পথ সুৰক্ষাৰ গুৰুত্ব বুজাই দিয়ে।
এই নাকা চেকিং অনুষ্ঠানে হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুপম দলৈ লামডিং পৌৰ সভাৰ কাৰ্যবহি বিষয়া , পৰিবহন বিভাগৰ বিষয়া আৰু লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত থাকে। তেওঁলোকে মটৰ চাইকেল চালক, আৰোহী, চাৰি চকীয়া বাহন আৰু ডাঙৰ গাড়ীৰ চালকসকলক চিটবেল্ট ব্যৱহাৰ কৰাৰ লগতে পৰিৱহন বিভাগৰ যাৱতীয় নীতি-নিয়ম মানি সুৰক্ষিতভাৱে গাড়ী চলাবলৈ আহ্বান জনায়।
লগতে পঢ়ক:WATCH | Jayanta Malla Baruah: অখিল গগৈক জ্ঞান দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই