WATCH | Jorhat News: যোৰহাট আৰক্ষীৰ নামত টকা লৈ আটক হ’ল দালাল
যোৰহাট,১৯ফেব্ৰুৱাৰী : যোৰহাট আৰক্ষীৰ নামত টকা লৈ আটক হ’ল প্ৰাঞ্জল শইকীয়া নামৰ এটা দালাল।
এক গোচৰৰ ভিত্তিত পুলিবৰ আৰক্ষীক মেনেজ কৰা নামত টকা লৈছিল এটা ভুক্তভোগী পৰিয়ালৰ পৰা ।
অহৰহ অহা যোৱা আছে দালালী প্ৰাঞ্জলৰ পুলিবৰ থানালৈ(Jorhat News)।
দালালী প্ৰাঞ্জলৰ লগত সহযোগিতা কৰা ফুকন বৰা,অনুনাথ নামৰ অন্য দুটা দালালী বৰ্তমান পলাতক।
জামিনৰ নামত দালালী প্ৰাঞ্জলে যোগান ধৰিছিল অধিবক্তা। নাজানে একো ভুক্তভোগী দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৱে।
দীৰ্ঘদিন ধৰি পশ্চিম যোৰহাটৰ মালৌ পথাৰ অঞ্চলত জুৱা, মদ,ইত্যাদি আৰক্ষীৰ নামত টকা লৈ থকা বুলি অভিযোগ কৰিছে বিভিন্ন জনে ।
ইতিমধ্যেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোক ভয় ভাবুকিৰে টকা লোৱা পিছত এটা জাতীয় সংগঠনৰ সহায় লয় অসহায় পৰিয়ালটোৱে ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুলিবৰ মালৌ পথাৰ আঞ্চলিক সমিতিৰ এজাহাৰৰ ভিত্তিত দালালী প্ৰাঞ্জল ক পুলিবৰ আৰক্ষীয়ে আটক কৰি বৰ্তমান সোধপোছ অৱ্যাহত ৰাখিছে।
লগতে পঢ়ক:WATCH | Ali Aye Ligang: আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং