Local, Vocal, Global

WATCH | Ali Aye Ligang: আজি আলি আঃয়ে লৃগাং;মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং

সোণাৰি,১৯ফেব্ৰুৱাৰী : আজি আলি আঃয়ে লৃগাং। মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। অসমৰ অন্যতম ভূমিপুত্ৰ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ আলি আঃয়ে লৃগাং এক বসন্ত উৎসৱ। এই‌ উৎসৱ হৈছে কৃষিৰ লগত সম্বন্ধিত এক উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়।এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়(Ali Aye Ligang)।

সমগ্ৰ ৰাজ্যৰ মিচিং সমাজে আজি আলি আয়ে লৃগাং উদযাপন কৰিছে। অসমৰ অন্যান্য ঠাইৰ লগতে আজি সোণাৰিতো উদযাপন কৰা হৈছে আলি-আয়ে লৃগাং। সোণাৰি মিছিং সমাজৰ উদ্যোগত উদযাপন কৰা হৈছে অসমৰ অন্যতম ভূমিপুত্ৰ মিছিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ আলি – আয়ে লৃগাং।

লগতে পঢ়ক:WATCH | Hajo News: খিলঞ্জীয়া মুছলমানৰ স্বভিমান জিকিৰ-জাৰী অসম চৰকাৰে সংৰক্ষণ কৰাৰ বাবে ব্যৱস্থা লোৱাত উৎফুল্লিত হৈ পৰিছে সদৌ অসম গৰিয়া পৰিষদে