WATCH | Mushalpur News: দ্বিতীয় বৈকুণ্ঠপূৰিত পৰিণত বাক্সাৰ জলাগাঁও
মুছলপুৰ,১৯ফেব্ৰুৱাৰী : দ্বিতীয় বৈকুণ্ঠপূৰিত পৰিণত বাক্সাৰ জলাগাঁও ।
বাক্সাৰ জলাগাঁৱত বংশী গোপাল নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন ।
উলিওৱা হৈছে ভাগৱত শোভাযাত্ৰা । অংশ লৈছে ভকত বাপ-বান্ধৱ, আই-মাতৃ সকলে(Mushalpur News)।
পুৱাৰেপৰা অনুষ্ঠিত হৈছে ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ ইত্যাদি কাৰ্যসূচী ।
ভক্তিৰ বাণীৰে মুখৰিত হৈছে বাক্সাৰ জলাগাঁও ।
কাইলৈ ধৰ্মালোচনী সভাত উপস্থিত থাকিব আধ্যাত্মিক গুৰু সন্তশ্ৰী হেম ভাই।
ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।
লগতে পঢ়ক:WATCH | Ali Ai Ligang: আজি মিচিং জনগোষ্ঠীয় কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং