Local, Vocal, Global

Assam| Collective marriages: হোমক সাক্ষী কৰি একেলগে বিয়াত বহিল ২০৪ জোৰা দৰা কন্যা

উৰুলি আৰু বিয়া নামেৰে মুখৰ হ’ল বিশ্বনাথ কমলাকান্ত ক্ষেত্ৰ । বিশ্বনাথ কমলাকান্ত ক্ষেত্ৰত সামূহিক বিবাহ উপলক্ষে ২০৪ জোৰা দৰা কন্যা আবদ্ধ হল বিবাহ পাশত দৰা-কইনাক আৰ্শীবাদ দিবলৈ বিবাহ মণ্ডপত উপস্থিত থাকিল হাজাৰ-হাজাৰ ৰাইজ । সৃষ্টি হ’ল উখল-মাখল পৰিবেশৰ । এখন নহয় দুখন নহয় । একেলগে ২০৪খন বিবাহ ।আয়তীৰ উৰুলি-পুৰোহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত হ’ল বিশ্বনাথৰ আকাশ বতাহ ।কাৰোবাৰ যদি সংসাৰ কৰা 21 বছৰ হৈছে আন কাৰোবাৰ আকৌ 15 বছৰ অতিক্ৰম হ’ল।কোনো কোনো দম্পতীৰ আকৌ ল’ৰা ছোৱালীও ডেকা-গাভৰু হ’ল

উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মুখৰ কমলাকান্ত ক্ষেত্ৰত সামূহিক বিবাহ সংস্কাৰ ৰ আয়োজন কৰা হৈছে। হিন্দু ধৰ্মীয় নীতি অনুযায়ী বিশ্বনাথ, বিহালী, গহপুৰ, নদুৱাৰ আদি অঞ্চলৰ পৰা অহা ২০৪ জুৰা সকলো দৰা কইনাই ন-সাজ পিন্ধি বিবাহ পাশত আবদ্ধ হোৱা পৰিলক্ষিত হৈছে। কমলাকান্ত ক্ষেত্ৰত সামূহিক বিবাহ উপলক্ষে পানীতোলা, হোম যজ্ঞ, ফেৰা লোৱা আদি মাংগলিক পুজা অৰ্চনা আৰম্ভ হৈছে। এই অনুষ্ঠান দুটা ভাগত বিবাহ অনুষ্ঠিত হয় এক বৈদিক আৰু আনভাগ নাম কীৰ্ত্তনৰ জৰিয়তে ৷এই অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালী বিধায়ক দিগন্ত ঘাটোৱালৰ লগতে উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ সকলো দ্বায়িত্বত থকা কাৰ্যকৰ্তা উপস্থিত থাকে।