Local, Vocal, Global

WATCH| Punjab accident:এখন তীব্ৰবেগী বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ;সংঘৰ্ষত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিং ভাঙি খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ

নিউজ ডেস্ক,১৮ফেব্ৰুৱাৰী : পঞ্জাৱৰ জিলাৰ ফৰিদকোট-কোটকাপুৰা পথত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন তীব্ৰবেগী বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ । সংঘৰ্ষত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই উফৰি গৈ ৰেলিং ভাঙি খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাত সময়ত বাছখনত ৩৫গৰাকী যাত্ৰী আছিল । যাত্ৰীৰে ভৰা বাছখন খাৱৈত বাগৰি পৰাত যাত্ৰীসকলৰ মাজত চিঞৰ বাখৰ লাগে।এই দুৰ্ঘটনাত ঘটনাস্থলীতে ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য কেইবাজনো লোক আহত হয় ।আহত লোকসকলৰ ভিতৰত কেইবাজনো লোকৰ অৱস্থা সংকটজনক(5 dead, 30 injured as bus collides head-on with truck, falls into drain in Punjab’s Faridkot)।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগ লগে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ৰাইজৰ সহায়ত সকলো লোকক উদ্ধাৰ কৰে । আনহাতে আৰক্ষীয়ে মৃতদেহ কেইটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।মৃতসকলৰ ভিতৰত এগৰাকী মহিলাও আছে।

জানিব পৰা অনুসৰি আজি পুৱা আবোহৰ পৰা শ্ৰী অমৃতসৰ চাহাবলৈ যাবলৈ ৩৫ গৰাকী লোকে এখন ব্যক্তিগত বাছেৰে ৰাওনা হৈছিল। কিন্তু কোটকাপুৰাৰ পৰা ফৰিদকোটলৈ আহি থকা অৱস্থাতে বাছখনে চেমনালেৰ সমীপত সম্মুখৰ পৰা অহা এখন ট্ৰাকৰ সৈতে প্ৰচন্দ জোৰে খুন্দা মাৰে।আৰু ফলত যাত্ৰীবাহী বাছখনে ভাৰসাম্য হেৰুৱাই ৰেলিং ভাঙি খাৱৈত বাগৰি পৰে।