Jamugurihat News: ৰঙাপৰাৰ কলনী চাহ বাগিচাত শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠা
জামুগুৰিহাট,১৮ফেব্ৰুৱাৰী : ৰঙাপৰাৰ কলনী চাহ বাগিচাত শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠা৷ তিনিদিনীয়া কাৰ্যসূচীৰে মন্দিৰ প্ৰতিষ্ঠা আৰু ধৰ্মীয় কাৰ্যসূচী৷ মন্দিৰ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত তিনিগৰাকী বিদেশী ভক্তৰ অংশগ্ৰহণ৷
বিগত তিনিটাকৈ দিন ধৰি হৰি নামেৰে মুখৰিত হৈ আছে ৰঙাপৰাৰ কলনী চাহ বাগিচাৰ আকাশ-বতাহ। চাহ বাগিচা খনৰ নৱ নিৰ্মিত শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰত ৰাধা-কৃষ্ণৰ মূৰ্তি প্ৰতিষ্ঠাক কেন্দ্ৰ কৰি গঙ্গা আহ্বান, ভাগৱত পাঠ, ধৰ্মীয় শোভাযাত্ৰা, মন্দিৰ প্ৰতিষ্ঠা, বিগ্ৰহ স্থাপন, ভাগৱত পাঠ, নাম-প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয়(Jamugurihat News)।
উল্লেখ্য যে ৰঙাপৰাৰ কলনি চাহ বাগিচা খনত আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ (ইস্কন)ৰ সৌজন্যত আৰু আঞ্চলিক নাম হট্ট সংঘৰ উদ্যোগত এই শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠা আৰু ধৰ্মীয় কাৰ্যসূচীভাগ অনুষ্ঠিত হয়। এই ধৰ্মীয় অনুষ্ঠানতেই স্থানীয় সহশ্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ মাজত বিদেশৰ তিনি গৰাকী ভক্তৰ উপস্থিতিয়ে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে । এই বিদেশী ভক্ত তিনিও গৰাকীয়ে ৰঙাপৰা চহৰৰ মাজ মজিয়াৰে উলিওৱা বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰি হৰিনাম পৰিৱেশন কৰাত ধৰ্মপ্ৰাণ ৰাইজ উৎফুল্লিত হয়।
লগতে পঢ়ক :Sonari News:টাইপাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই