Sonari News:টাইপাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই
সোণাৰি,১৮ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘই টাই আহোমৰ মে-ডাম-মেফিত অংশ লোৱা বাবে এজন সদস্য়ক বহিষ্কাৰ কৰাক লৈ সোণাৰিত সোমবাৰে টাই আহোম যুৱ পৰিষদে (টাইপাৰ) প্ৰতিবাদ সাব্যস্ত কৰিছে । সংগঠনটোৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহেৰে প্ৰতিবাদ কৰি আগন্তুক দিনত যদি শংকৰ সংঘৰ কৰ্তৃপক্ষই সংবিধান সংশোধন কৰি অসমীয়া সমাজখন চলাই নিয়াত সহযোগিতা নকৰে ভৱিষ্যতে ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ হ’ব বুলি হুংকাৰ দিছিল । ইয়াৰ পাছতে এইবাৰ টাইপাৰ বিৰুদ্ধে সৰৱ শ্ৰীমন্ত শংকৰ সংঘ(Sonari News)।
টাইপাই সোণাৰিত সংঘৰ সংবিধান দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতেই সোমবাৰে নিশা সোণাৰি আৰক্ষী থানাত সংঘৰ এটা সঁজাতি দলে টাইপাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ । সংঘৰ চৰাইদেউ জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতি বিষয়ববীয়া উপস্থিত হৈ টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
উল্লেখ যে শেহতীয়াকৈ গহপুৰৰ চন্দ্ৰ বৰুৱাই ৩১ জানুৱাৰীত মে-ডাম-মেফিত অংশ লৈ উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰা বাবে শংকৰ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰি এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহে ।
লগতে পঢ়ক:Firing incident in Bilasipara: ৰাণীগঞ্জত গুলীচালনা ঘটনাৰ লগত জড়িত এজন দুৰ্বৃত্তৰ আত্মসমৰ্পন