Local, Vocal, Global

Delta Airlines plane crash: টৰণ্ট’ আন্তৰ্জাতিক বিমান বন্দৰত ভয়ংকৰ বিমান দুৰ্ঘটনা

নিউজ ডেস্ক,১৮ফেব্ৰুৱাৰী : টৰণ্ট’ আন্তৰ্জাতিক বিমান বন্দৰত ভয়ংকৰ বিমান দুৰ্ঘটনা। সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

ডেল্টা এয়াৰলাইনছৰ বিমান এখন অৱতৰণৰ সময়তে তুষাৰাবৃত বিমান বন্দৰটোৰ পৰা ওলাটাকৈ পিছলি পৰে আৰু লগে লগে জুয়ে আৱৰি ধৰে বিমানখনক।

এই দুৰ্ঘটনাত ২০গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহতসকলৰ ভিতৰত আছে এগৰাকী শিশু, এজন ৬০ৰ ঊৰ্ধ্বৰ বৃদ্ধ। ইতিমধ্যে আহত আটাইকেইগৰাকী যাত্ৰীক এম্বুলেন্স আৰু হেলিকপ্টাৰৰ সহায়ত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ৭৬গৰাকী যাত্ৰী আছিলে।
দুৰ্ঘটনাত পতিতত হোৱা বিমানখনৰ নম্বৰ হৈছে- এণ্ডেভাৰ এয়াৰ ফ্লাইট ৪৮১৯(None dead and 20 injured in Delta jet crash in Toronto)।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণৰ ব্যৱস্থা কৰাৰ লগতে উদ্ধাৰকাৰী দলে যাত্ৰীসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে।অৱশ্যে বিমানখন দুৰ্ঘটনাতপতিত হ’লেও বাকীসকল যাত্ৰী সুৰক্ষিত অৱস্থাত থকাৰ কথা ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে(Delta Airlines plane crash)।

লগতে পঢ়ক:Ali Tauqeer Sheikh:ISI এজেণ্টৰ দৰে ভাৰত বিৰোধী কাম অব্যাহত ৰখা আলী তাকিৰ শ্বেখৰ গোচৰ সন্দৰ্ভত SIT গঠন