Local, Vocal, Global

Tragic incident : জল জীৱন আঁচনিত জলমিত্ৰ হিচাপে নিয়োজিত যুৱকৰ চৰমপন্থা

বিশ্বনাথ,১৭ফেব্ৰুৱাৰী : নিশা বিশ্বনাথৰ সাধাৰুত সাঁকোমঠা চাহ বাগিচাৰ এজন যুৱকৰ চিপ লৈ আত্মহনন

জল জীৱন আঁচনিত জলমিত্ৰ হিচাপে নিয়োজিত যুৱকৰ চৰমপন্থা। জলমিত্ৰৰ বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আত্মহত্যা কৰাৰ অভিযোগ ।

বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। বিশ্বনাথ চাৰিআলিৰ সাঁকোমঠা চাহ বাগিচাৰ সাধাৰু লাইনৰ অনুপ কুৰ্মীৰ পুত্ৰ সঞ্জীৱ কুৰ্মী (৩০) নামৰ এজন যুৱকজনে নিশাই নিজ পানী যোগান আঁচনিৰ গৃহতে ডিঙিত চিপ লৈ আত্মহনন কৰে(Tragic incident)।

জানিব পৰা মতে, মৃত সঞ্জীৱ কুৰ্মী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন আঢঁনিৰ অধীনত জলমিত্ৰ হিচাপে নিয়োজিত হৈ আছিল। স্থানীয় লোকৰ অভিযোগ অনুসৰি, সংশ্লিষ্ট বিভাগৰ পৰা দীৰ্ঘদিন ধৰি কোনো ধৰণৰ প্ৰাপ্য মজুৰি লাভ নকৰাৰ বাবে ক্ষোভ আৰু হতাশাত মিয়ম্ৰান হৈ এনে পন্থা অৱলম্বন কৰাৰ সন্দেহ প্ৰকাশ। ইতিমধ্যে ঘটনাস্থলীত জিলা দণ্ডাধীশ আৰু বিশ্বনাথ আৰক্ষী উপস্থিত হৈ মৃতদেহ নমাই আনি তদন্ত অব্যাহত ৰখাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তদন্তৰ পাছতহে মৃত্যুৰ আচল ৰহস্য জানিব পৰা যাব।

লগতে পঢ়ক :HSLC Exam 2025 : হাইস্কুল শিক্ষান্ত পৰীক্ষাত নকলৰ পয়োভৰ