Local, Vocal, Global

FIR filed against Pakistani national by Assam police:পাকিস্তানৰ আলী তাকিৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু অসম আৰক্ষীৰ

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : আলি তৌকীৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু। কেবিনেটৰ সিদ্ধান্ত অনুসৰি গোচৰ ৰুজু অসম আৰক্ষীৰ।

পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে যদিও গোচৰৰ তদন্তই সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথকো সাঙুৰি ল’ব। গোচৰটোৰ তদন্তৰ বাবে এটা ৫জনীয়া বিশেষ তদন্তকাৰী গোটো গঠন কৰা হৈছে(FIR filed against Pakistani national by Assam police)।

পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে বৈঠক সন্দৰ্ভত তদন্ত কৰিব অসম আৰক্ষীয়ে। এলিজাবেথৰ ISI বিতৰ্ক সন্ধৰ্ভত তদন্ত কৰিবলৈ SIT গঠন অসম আৰক্ষীৰ।মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই কঠোৰ হৈছে অসম আৰক্ষীৰ CID, CIDত 05/25 নম্বৰত গোচৰ ৰুজু কৰি ৫ জনীয়া SIT গঠন। আলি তাকিৰ শ্বেখ নামৰ লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে CIDএ। তদন্তৰ আওতআলৈ আহিব গৌৰৱ গগৈসহ পত্নী এলিজাবেথ।BNS 48, 152, 61, 197 (1), আৰু RW 13 (1)ত ধাৰাত গোচৰ ৰুজু কৰিছে CIDএ।

আলী তাকিৰ শ্বেখ পাকিস্তানৰ পৰিকল্পনা আয়োগৰ অন্যতম উপদেষ্টা। পাক চোৰাংচোৱা সংস্থা ISIৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আলী তাকিৰ শ্বেখৰ।আলী তাকিৰ শ্বেখ লীড নামৰ এটা NGOৰ CEO আৰু আলী তাকিৰ শ্বেখৰ এন জি অ’ LEADত কাম কৰিছিল এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে। LEADৰ অধীনৰ প্ৰকল্প ক্লাইমেট এণ্ড ডেভেলপমেণ্ট ন’লেজ নেটৱৰ্ক চমুকৈ CDKNৰ সমন্বয়ক আছিল এলিজাবেথ।

লগতে পঢ়ক:Assam CM Himanta Biswa Sarma:‘পাকিস্তানৰ আলি শ্বেখ নামৰ ব্যক্তিজনৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ যোগসূত্ৰৰ তথ্য পোৱা গৈছে’:মুখ্যমন্ত্ৰী