MP Gaurav Gogoi : দুগৰাকী প্ৰবীণ সাংবাদিকক সাক্ষাৎ সাংসদ গৌৰৱ গগৈৰ

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : সমাগত ২০২৬ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচন।নিৰ্বাচনৰ পূৰ্বে আকৰ্ষণীয় হৈছে ৰাজনৈতিক দৃশ্যপট ।
কংগ্ৰেছ-বিজেপি ৰাজ্যৰ দুয়োটা প্ৰধান ৰাজনৈতিক দলেই অব্যাহত ৰাখিছে গণসংযোগ কাৰ্যসূচী । তাৰ মাজতেই দেওবাৰে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰে দুগৰাকী জ্যেষ্ঠ নেতাই ৰাজ্যৰ জ্যেষ্ঠ নাগৰিক আৰু জ্যেষ্ঠ ৰাজনীতিকক সাক্ষাতেৰে সন্মান জনোৱা দেখা গ’ল ৷ এতিয়া দুই ৰাজনীতিকৰ এই সাক্ষাতে ৰাজ্যত লাভ কৰিছে বিশেষ চৰ্চা ৷
সন্ধিয়া কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে দুগৰাকী প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা আৰু ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক তেওঁলোকৰ গুৱাহাটীস্থ বাসগৃহলৈ গৈ সৌজন্যমূলক সাক্ষাৎ কৰে(MP Gaurav Gogoi)।
“ইংৰাজী দৈনিক বাতৰি কাকত দ্য ছেণ্টিনেলৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰনাথ বেজবৰুৱাদেৱৰ লগতে বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী ডাঙৰীয়াৰ বাসগৃহত আজি উপস্থিত হৈ সৌজন্যমূলক সাক্ষাৎ কৰি তেখেতৰ লগতে পত্নীৰো সুস্বাস্থ্য কামনা কৰো ।” – ৰাজ্যৰ দুই প্ৰবীণ ৰাজনীতিকক সাক্ষাৎ কৰি সামাজিক মাধ্যমত মন্তব্য সাংসদ গৌৰৱ গগৈৰ ।
লগতে পঢ়ক :Sumi Borah Bishal Phukan case : চুমি বৰা, বিশালৰ জামিন আবেদন নাকচ