Guwahati Police: গুৱাহাটী মহানগৰ আৰক্ষীৰ জালত পৰিল হানী সিং

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : এইবাৰ আৰক্ষীৰ জালত পৰিল মবাইল চোৰ।
গুৱাহাটী মহানগৰ আৰক্ষীৰ জালত পৰিল হানী সিং।
দিন ডকাইত হানী সিঙৰ লগতে গ্ৰেপ্তাৰ চুক চান আলী নামৰ আন এটাক(Guwahati Police)।
হানী সিং আৰু চুক চান আলীৰ পৰা উদ্ধাৰ চুৰি ম’বাইল ফোনসহ চুৰি কাৰ্যত ব্যৱহৃত সামগ্ৰী।
বশিষ্ঠ আৰক্ষীয়ে খানাপাৰাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে। বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত এলেকাটোত অব্যাহত আছে অপৰাধ বিৰোধী অভিযান।