Local, Vocal, Global

Youth goes missing: প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা অসমলৈ উভটি অহাৰ পথত নিৰুদ্দেশ অসমৰ যুৱক

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা অসমলৈ উভটি অহাৰ পথত নিৰুদ্দেশ হয় পশ্চিম কাৰ্বি আংলঙৰ হামৰেনৰ ধনেশ শৰ্মা (২৫) নামৰ যুৱক( Youth goes missing)।

জানিব পৰা মতে, যোৱা ১২ ফেব্ৰুৱাৰীত শেষবাৰৰ বাবে যুৱকজনৰ সৈতে যোগাযোগ হৈছিল পৰিয়ালৰ। ফোনযোগে জানিবলৈ দিছিল বিহাৰৰ পাটনা আহি পোৱাৰ কথা ধনেশে।

তাৰ পাছৰে পৰা কোনো যোগাযোগ বা সম্ভেদ নাই যুৱকজনৰ। পৰিয়াল মাজত হাহাকাৰ সৃষ্টি। যুৱকজনৰ কোনো সম্ভেদ পালে ফোন নম্বৰ 9678743928/8011258272 ত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ।

লগতে পঢ়ক:Dead body found : গুৱাহাটীত আৰক্ষী কনিষ্টবল মৃতদেহ উদ্ধাৰ