Local, Vocal, Global

Earthquake: ভূমিকম্পই কঁপাই গ’ল দেশৰ ৰাজধানী দিল্লী

নিউজ ডেস্ক,১৭ফেব্ৰুৱাৰী : ভূমিকম্পই কঁপাই গ’ল দেশৰ ৰাজধানী দিল্লী।আজি পুৱাৰ ভাগত ৰাজধানী দিল্লীত এক প্ৰবল ভূমিকম্প(Earthquake)।

পুৱা ৫.৩৬ বজাত দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত এই প্ৰবল কঁপনি অনুভূত হয়। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.০ ৰিখটাৰ স্কেল।

প্ৰাথমিক তথ্য অনুসৰি নতুন দিল্লীত ভূপৃষ্ঠৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ তলত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল। কিন্তু এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষতি হৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই(Strong earthquake tremors felt in Delhi)।

লগতে পঢ়ক:Budget Session of Assam Assembly: আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন