Pradhan Mantri Awas Yojana: প্ৰধানমন্ত্ৰী আৱাহ গৃহ যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম

গেলেকী : বৰ্তমান সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে দৰিদ্ৰ জনসাধাৰণক বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণৰ জৰিয়তে উপকৃত কৰাৰ প্ৰয়াস কৰাৰ সময়তে। সেই আঁচনি সমূহ লাভ কৰা হিতাধিকাৰী সকলক বিভিন্ন প্ৰলোভনেৰে একাংশ দালালে লুণ্ঠন চলোৱাত নামি পৰিছে।আঁচনি ৰুপায়নৰ নামত পঞ্চায়তৰ লুণ্ঠন ৰাজ ।তেনে এক লুণ্ঠনৰ ঘটনা পোহৰলৈ আহিছে নামতি বঙালী গাঁৱত।
আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বৰুৱা আলি পঞ্চায়তৰ নামতি বঙালী গাঁৱৰ লক্ষী মুণ্ডা নামৰ মহিলা গৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত এটা গৃহ পাবলৈ সক্ষম হৈছিল ।
পিছে সহজ সৰল পৰিয়ালটোক চলে বলেৰে স্থানীয় সন্তোষ কৰ্মকাৰ নামৰ এজন লোকে সৰলতাৰ সুযোগ গ্ৰহণ কৰি একাউণ্টৰ ধন নিজৰ হাতলৈ নি ব্যাপক দুৰ্নীতিৰে গৃহটো নিৰ্মাণৰ কাম আৰম্ভ কৰে।পিছে সন্তোষ কৰ্মকাৰে তিনিডালকৈ লোহা ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে খুটা।আনফালে নিম্ন মানৰ ইটা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে।
এই সন্দৰ্ভত মহিলা গৰাকীয়ে ন্যায় বিচাৰি বৰুৱা আলি পঞ্চায়তত এখন অভিযোগ পত্ৰ দাখিল কৰিছিল যদিও কোনো ধৰণৰ সুফল লাভ নকৰিলে।ইতিমধ্যে, সন্তোষ কৰ্মকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে মহিলা গৰাকীৰ গৃহটো সঠিক ৰূপত নিৰ্মাণৰ দাবী জনাই অসম চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ কাৰ্যকৰী সভাপতি অভিনাচ তচাই আমগুৰি খণ্ড উন্নয়ন বিষয়াৰ যোগেদি জিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।