Local, Vocal, Global

Sonapur Gang Rape case : সোণাপুৰত পোহৰলৈ আহিছে দলবদ্ধ ধৰ্ষণৰ ঘটনা

সোণাপুৰ,১৬ফেব্ৰুৱাৰী : সোণাপুৰত পোহৰলৈ আহিছে এক দলবদ্ধ ধৰ্ষণৰ ঘটনা।

চাৰি পাষণ্ডৰ কামনাৰ বলি হ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰী।

কিশোৰী গৰাকী অন্তঃসত্ত্বা হোৱাৰ পাছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা।

ঘটনাৰ বিৱৰণ অনুসৰি দীৰ্ঘদিনৰে পৰা কিশোৰী গৰাকীক ভয় ভাবুকিৰে ধৰ্ষণ কৰি আহিছিল পাষণ্ডকেইটাই।

কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে সোণাপুৰ আৰক্ষীৰ জালত চাৰি দুৰ্বিত্ত। ধৃত চাৰি পাষণ্ডকেইটা বিকাশ কৰ্মকাৰ(১৯), বিষ্ণু কাৰিয়া(১৯), ৰবি কৰ্মকাৰ(২০) আৰু ৰঞ্জন কৰ্মকাৰ (১৯) বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে(Sonapur Gang Rape case)।

আনহাতে,ঘটনাৰ সৈতে আন কেইবাটাও দুৰ্বিত্ত জড়িত থকাৰ অভিযোগ।

উল্লেখ্য যে কিশোৰীগৰাকীক ভয় ভাবুকিৰে দীঘদিনৰে পৰা দুৰ্বিত্তৰ দলটোৱে ধৰ্ষণ কৰি আহিছিল যদিও ভয়ত কিশোৰী গৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰা নাছিল এই ঘটনা।কিন্তু শেহতীয়াকৈ পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ শৰীৰৰ অস্বাভাৱিক অৱস্থাৰ কথা প্ৰত্যক্ষ কৰি সোধা-পোচা কৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা।

ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে 35/25, sec.70(2) ভাৰতীয় ন্যায় সংহিতা আইন আৰু sec 6 পক্স’ আইনৰ অধীনত অভিযুক্ত চাৰি পাষণ্ডক আটক কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

লগতে পঢ়ক:Assam | Chapar sand syndicate: চম্পাৱতী নৈত দালাল আৰু ভূ-মাফিয়া চলাইছে বালিৰ ছিণ্ডিকেট