HSLC Exam 2025 : পৰীক্ষা পৰিচালনাত গাফিলতি কৰি নিলম্বিত হ’ল এজন প্ৰধান শিক্ষক
নিউজ ডেস্ক,১৫ফেব্ৰুৱাৰী : পৰীক্ষা পৰিচালনাত গাফিলতি কৰি নিলম্বিত হ’ল এজন প্ৰধান শিক্ষক। নিলম্বিত প্ৰধান শিক্ষকজন গাছবাৰী হাইস্কুলৰ অশোক চৌধুৰী। তৎকালে কাৰ্যকৰী হোৱাকৈ চৌধুৰীক নিলম্বন।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো দিনতেই নিলম্বন কৰিলে মাধ্যমিক সঞ্চালকে(HSLC Exam 2025)।
উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছিল পৰীক্ষা। কিন্তু তামলপুৰ জিলাৰ গোৰেশ্বৰৰ গাছবাৰী হাইস্কুলত পৰীক্ষা আৰম্ভ হোৱাৰ পিছতে আহি নাপালে প্ৰশ্ন কাকত।
অভিযোগ অনুসৰি এই পৰীক্ষা কেন্দ্ৰলৈ আধাঘণ্টা পলমকৈ অনা হ’ল প্ৰশ্ন কাকত। সেয়ে পৰীক্ষা কেন্দ্ৰত উপস্থিত থকা অভিভাৱকসকলে উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰে।
বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি দাবী কৰে অভিভাৱকসকলে। তেওঁলোকে প্ৰশ্নকাকত আধাঘণ্টা পলমকৈ আহি পোৱাত পৰীক্ষাৰ সময়ো বৃদ্ধিৰ দাবী তোলে।
এই ঘটনাৰ পিছতে পৰীক্ষা কেন্দ্ৰৰ গাফিলতিৰ অভিযোগত প্ৰধান শিক্ষক অশোক চৌধুৰীক নিলম্বন কৰে মাধ্যমিক সঞ্চালক মমতা হোজাইয়ে।