Local, Vocal, Global

Rangia News:ৰঙিয়াত ১৪ জন শ্ৰমিকক উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা

ৰঙিয়া,১৫ফেব্ৰুৱাৰী : ৰঙিয়া আৰক্ষীৰ জালত নজৰুল আলী ওৰফে পকেট। এইবাৰ ৰঙিয়াত ১৪ জন শ্ৰমিকক উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা।মানৱ সৰবৰাহৰ ঘটনাত আটক ৰঙিয়াৰ কৰিয়াৰাৰ নজৰুল আলী ওৰফে পকেট(Rangia News)।

পূৰ্বে কেইবাবাৰো মানৱ সৰবৰাহৰৰ গোচৰত ৰঙিয়া আৰক্ষীয়ে আটক কৰিছিল এইগৰাকী নজৰুল আলী ওৰফে পকেটক।কাম দিয়াৰ প্ৰলোভনেৰে ভিতৰুৱা অঞ্চলৰ হোঁজা লোকসকল ভুক্তভুগী হৈ আহিছে এই জালত।মাজুলী, গোগামুখ, ধেমাজী, শিৱসাগৰ, যোৰহাট, ধমধমা, ডিমাপুৰ, ঢেঁকীয়াজুলি, আগৰতলা, কুমাৰীকটা, নাহৰকটীয়া, ডিব্ৰুগড়,ৰৌতা উক্ত অঞ্চল সমূহত ঘৰ শ্ৰমিক সকলৰ৷ বহিৰাজ্য ত্ৰিপুৰা, ডিমাপুৰৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা আহিছিল শ্ৰমিক সকলে।ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ পৰা আৰক্ষীয়ে শ্ৰমিক কেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা।

লগতে পঢ়ক:Sipajhar News:ছিপাঝাৰত সন্দেহজনক বহিঃৰাজ্যৰ দুই যুৱক কৰায়ত্ত