Local, Vocal, Global

Police raid in Morigaon: মৰিগাঁও আৰক্ষীৰ দুই চোৰক লৈ অভিযান

নিউজ ডেস্ক,১৫ফেব্ৰুৱাৰী : মৰিগাঁও আৰক্ষীৰ অভিযান । দুই চোৰক লগত লৈ আৰক্ষীয়ে চলালে কেইবাটাও স্থানত অভিযান। আৰক্ষীৰ জালত পৰা দুই চোৰ ক্ৰমে আলু আৰু লাতুল নামৰ যুৱক দুজনক লগত লৈ আৰক্ষীয়ে মৰিগাঁৱৰ কেইটাবাও স্থানত চলালে অভিযান।

ঘটনাৰ বিৱৰণ অনুসৰি শুক্ৰবাৰে দিনৰ ভাগত মৰিগাঁও চহৰৰ মাজমজিয়াৰ এজন ব্যক্তিৰ ঘৰত চুৰিকাণ্ড সংঘটিত হৈছিল। ব্যক্তিজনৰ ঘৰৰ পৰা চোৰে চুৰি কৰি নিছিল এটা পোহনীয়া ভাটৌ, কাঁহৰ কাহী – বাতি, পিতলৰ কলহ, মেখেলা চাদৰ, শৰাইৰ লগতে এটা টকা জমা কৰা মাটিৰ পাত্ৰ(Police raid in Morigaon)।

ব্যক্তিজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মৰি বুঢ়াগাঁৱৰ পৰা কৰায়ত্ত কৰিছিল ২০ বছৰীয়া আলু আৰু ১৮ বছৰীয়া লাতুম নামৰ চোৰ দুটিক। এই দুই চোৰ আলু আৰু লাতুমক লগত লৈ আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই বিক্ৰী কৰা স্থানৰ পৰা জব্দ কৰিলে কাঁহী – বাতি, পিতলৰ কলহ, শৰাই আদি।

ইয়াৰ উপৰি অন্য এঘৰ ব্যক্তিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে চুৰি কৰি ৪০০ টকাত বিক্ৰী কৰা ভাটৌ চৰাইটো। উল্লেখযোগ্য যে আৰক্ষীয়ে কৰায়ত্ত কৰা আলু আৰু লাতুমৰ প্ৰকৃত নাম হৈছে দিব্য আৰু দীপাংকৰ বৰদলৈ।

লগতে পঢ়ক:Unidentified Body Found: ধলাইবিল ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ