Maha Kumbh Accident: প্ৰয়াগৰাজৰ ত্ৰিৱেণী সংগমত স্নান কৰিবলৈ যোৱাৰ পথত শোকাৱহ দুৰ্ঘটনা

নিউজ ডেস্ক,১৫ফেব্ৰুৱাৰী : প্ৰয়াগৰাজত এক শোকাৱহ দুৰ্ঘটনা।প্ৰয়াগৰাজৰ ত্ৰিৱেণী সংগমত স্নান কৰিবলৈ যোৱাৰ পথত বাছ আৰু বলেৰ’ৰ ভয়ানক সংঘৰ্ষ।
সংঘৰ্ষত নিহত ১০জন ভক্ত। লগতে দুৰ্ঘটনাত আহত হয় ১৯জন ভক্ত(Maha Kumbh Accident)।
প্ৰয়াগৰাজ জিলা আৰক্ষীৰ খবৰ অনুসৰি, শুকুৰবাৰে গভীৰ নিশা প্ৰয়াগৰাজ-মিৰ্জাপুৰ হাইৱে’ত বাছ আৰু বলেৰ’ৰ মাজত সংঘৰ্ষ হয়। সংঘৰ্ষত থিতাতে নিহত হয় বলেৰ’ বাহনখনত থকা ১০জন ভক্ত। মৃত লোকসকলৰ ছত্তীশগড়ৰ কোৰবা জিলাৰ বাসিন্দা।ত্ৰিৱেণী সংগমত পূণ্যস্নান কৰিবলৈ গৈ আছিল এই ভক্তসকল। আনহাতে, বাছত থকা যাত্ৰীসকল পূণ্যস্নান কৰাৰ পিছত বাৰাণসীলৈ গৈছিল(10 Devotees Killed As Car Collides With Bus On Way To Maha Kumbh)।
লগতে পঢ়ক:Road accident :বিশ্বনাথৰ দৈনিক বজাৰৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা।