Corruption in the education sector: গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি ,35 লাখ টকাৰ হেৰা-ফেৰী শিক্ষা খণ্ডৰ
গোৱালপাৰা:গোৱালপাৰা মাটীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বলদমাৰী চৰ হাই স্কুলত প্ৰায় 35 লাখ টকাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি। অতি নিম্ন মানৰ সামগ্ৰীৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মনোৱাৰাই আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ছকেন আলীয়ে মিলি গৃহ নিৰ্মান কৰিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। আজি অৰ্ধ শতাধিক সচেতন ৰাইজে ওলাই আহি কামৰ বিসংগতি দেখি চকু কপালত উঠিছে ৰাইজৰ। ।হাতেৰে ঘহিলে ধালাই উঠি যায় বিল্ডিঙৰ ভিমৰ। গীজ গীজাই আছে চাত ধালাইৰ ৰডে। আনকি চাদত অতি কম ৰডে ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। এইয়া লৈ সচেতন মহলত ব্যাপক চৰ্চা হৈছে। ছাত্ৰ ছাত্ৰীৰ নিৰাপত্তাক লৈ বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখযোগ্য যে বিভাগীয় অভিযন্তাৰ লগত মিলি অতি নিম্ন মানৰ সামগ্ৰীৰে কাম সম্পন্ন কৰাৰ চেষ্টা কৰিছিল স্কুল কৰ্তৃপক্ষই। যাৰ ফলতেই এনেকুৱা দুৰবস্থা হৈছে বিল্ডিংটোৰ।
প্ৰশ্ন হয় যে যদি এই বিল্ডিংটোৰ ছাদ খহি ছাত্ৰ ছাত্ৰীৰ ক্ষতি হলে জগৰীয়া হব কোন? কোনে ল’ব দায়িত্ব? ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাক লৈ হেতালি ,বিপদময় হৈছে নিৰ্মীয়মান ভৱনটো। ভূমিকম্পৰ এখন জকাৰণিতে ভাংঙি পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ঘটনাৰ উচিত তদন্ত কৰি চৰকাৰী ধন অপব্যয় কৰা লগতে চৰকাৰী কামত ব্যাপক দুৰ্নীতি কৰা ব্যক্তিক উচিত শাস্তি বিহাবলৈ সচেতন ৰাইজে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ দাখিল কৰে।