Dance Preparation in baksa: বাক্সাত ‘ঝুমইৰ বিনন্দিনী’ শীর্ষক অনুষ্ঠানৰ পূৰ্ণ প্রস্তুতি
গুৱাহাটী: ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অংশ ল’ব বাক্সাৰ কলা-কুশলীয়ে ।ঝুমুৰ নৃত্যক সমগ্র বিশ্বজুৰি জনপ্ৰিয়কৰণৰ উদ্দেশ্যে অসম চৰকাৰৰ এক অভিলেখ সৃষ্টিকাৰী পদক্ষেপ ৰূপে ইতিমধ্যে চিহ্নিত হৈছে ‘ঝুমইৰ বিনন্দিনী’ শীর্ষক অনুষ্ঠান। অসমৰ লোক-সংস্কৃতিক অনুপম সৌন্দৰ্যৰে বিজড়িত কৰিবলৈ সক্ষম হোৱা চাহ জনজাতীয় ঝুমুৰ নৃত্যক বিশ্বমুখী কৰা যাত্ৰাৰ পথিক হ’বলৈ আখৰা অব্যাহত ৰাখিছে বাক্সাৰ ৬৪ গৰাকী নৃত্যশিল্পীয়ে।অহা ২৪ ফেব্ৰুৱাৰী তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বাক্সা জিলাৰ হৈ বাক্সা বিধানসভা সমষ্টিৰ ৩৩ গৰাকী আৰু মানাহ বিধানসভা সমষ্টিৰ ৩১ গৰাকী শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব বুলি জানিবলৈ দিছে ঝুমইৰ বিনন্দিনীৰ বাক্সা বিধানসভা সমষ্টিৰ অধ্যক্ষ মানস প্ৰতীম কলিতাই। বাক্সা জিলা আয়ুক্ত গৌতম দাস সহিতে জিলা প্ৰশাসনৰ বিষয়ববীয়াই ডুমুনী চাহ বাগিছা অঞ্চলত চলি থকা চূড়ান্ত আখৰা পৰিদৰ্শন কৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সুদূৰপ্ৰসাৰী চিন্তাৰে ঝুমুৰৰ বিশ্বমুখী যাত্ৰাত উৎসাহিত কৰিবলৈ ওলাই আহিছে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকল ।