Local, Vocal, Global

Hslc board exams: আজিৰ পৰা অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা

গুৱাহাটী: আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা। ইংৰাজী বিষয়েৰে আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা।বিগত বৰ্ষৰ তুলনাত এইবাৰ বৃদ্ধি পাইছে পৰীক্ষাৰ্থীৰ সংখ্যা।

ৰাজ্যত ৯৪৪টা পৰীক্ষা কেন্দ্ৰত এইবাৰ অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষাত অৱতীৰ্ণ হৈছে ৪,২৯,৪৪৮ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰ ভিতৰত ১,৯০,৬৫৩ জন ছাত্ৰ আৰু ২,৩৮,৭৯৫ গৰাকী ছাত্ৰী।

৮,৭২০ গৰাকী পৰীক্ষাৰ্থী বৃদ্ধি পাইছে এই বছৰ। যাৰ বাবে ৩১টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হৈছে এইবাৰৰ পৰীক্ষাত। বিগত বৰ্ষতকৈ পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে ৪৮,১৪২ গৰাকী। প্ৰথমবাৰৰ বাবে এইবাৰ চাৰিটা বিষয়ত থাকিব OMR শ্বীট।