Valentines day: আজি ভেলেণ্টাইন ডে’

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী ২০২৫, ৱেবডেস্ক: আজি ভেলেণ্টাইন ডে’। এক মানবিক অনুভূতি আৰু আৱেগকেন্দ্ৰিক এক অভিজ্ঞতা। বিশেষ কোনো ব্যক্তিৰ প্ৰতি স্নেহৰ শক্তিশালী বহিৰ্প্ৰকাশ হৈছে প্ৰেম। তথাপি প্ৰেমক বিভিন্ন দৃষ্টিকোণৰ পৰা ভাগ কৰা হয়। প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি ৷ প্ৰেমে কঢ়িয়াই আনে মনত হাজাৰটা আশাৰ সঞ্চাৰ ৷ফেব্ৰুৱাৰী মাহেটো প্ৰেমৰ মাহ বুলি কোৱা হয় যদিও প্ৰেম কৰোঁতাই প্ৰতিদিনেই বুকুত কঢ়িয়াইলৈ ফুৰে প্ৰেমানুভূতি ৷
প্ৰেম এক মধুৰ অনুভুতিয়েই নহয়। প্ৰেম এক দায়িত্বও। কিন্তু বৰ্তমান সময়ত ছচিয়েল মিডিয়াই কাঢ়ি লৈছে প্ৰেমৰ মাদকতা।ঊনবিংশ শতিকাৰ কথা যি সময়ত এখন চিঠিৰ ভাজত সোমাই আছিল প্ৰেমৰ ভাষা,আৱেগ অনুভূতি তাহানিৰ দিনত প্ৰেম আছিল নিৰ্ভেজাল। বৰ্তমান ছচিয়েল মিডিয়াৰ আগ্ৰাসনত প্ৰেম,ভাল পোৱা হৈ পৰিছে যান্ত্ৰিকতাৰ দৰে।
আচলতে এই ফেব্ৰুৱাৰী মাহটোক প্ৰেমৰ প্ৰতীক হিচাপে দেখা যায় ৷ কাৰণ প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীক ভেলেণ্টাইন ডে’উদযাপন কৰা হয় ৷ কেৱল এয়াই নহয়, ভেলেণ্টাইন উইকৰ প্ৰক্ৰিয়াটো এসপ্তাহ আগতেই আৰম্ভ
হয় ৷ ৭ ফেব্ৰুৱাৰীৰ গোলাপ দিৱসৰ পৰা আৰম্ভ হোৱা এই সপ্তাহৰ অন্ত পৰিব ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ৰ সৈতে ৷ প্ৰেমিক যুগলৰ বাবে এই দিনটো অতি বিশেষ হয় ৷ ৰ’জ ডে’ৰ পৰা আৰম্ভ হোৱা ভেলেণ্টাইন উইক আজি ভেলেণ্টাইন ডে’ৰ জৰিয়তে অন্ত পৰিব ৷ এনে পৰিস্থিতিত এই দিনটোক লৈ প্ৰেমিক যুগলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হয় ৷ প্ৰেম দিৱস উদযাপনৰ বাবে সাজু হৈছে সমগ্ৰ বিশ্ব ৷ মহানগৰী গুৱাহাটীতো প্ৰেম দিৱস উদযাপনৰ বাবে কৰা হৈছে ব্যাপক প্ৰস্তুতি ৷ ভিন্ন ৰেষ্টুৰেণ্ট, কেফে সমূহত আজি বাবে থাকিব বিশেষ ব্যৱস্থা ৷