Local, Vocal, Global

Assam man Goes Missing:কামৰ সন্ধানত অন্ধ প্ৰদেশলৈ গৈ সন্ধানহীন অসমৰ লোক

ধেমাজি,১৩ ফেব্ৰুৱাৰী : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোক।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam man Goes Missing In Andhra Pradesh)।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ লোক। অন্ধ প্ৰদেশত গৈ নিৰুদ্দেশ চিলাপথাৰৰ থানা অন্তৰ্গত কদমনী গাঁৱৰ যুৱক। নিৰুদ্দেশ যুৱকজন ভাগ্য ভূঞাই ।

জানিব পৰা মতে, ২ফেব্ৰুৱাৰী তাৰিখে ভাগ্য ভূঞাই চিনাকি লোকৰ সৈতে কামৰ সন্ধানত অন্ধ প্ৰদেশলৈ গৈছিল। ইয়াৰ পিছত ৫ ফেব্ৰুৱাৰী তাৰিখে অন্ধ প্ৰদেশ পোৱা বুলি পৰিয়ালক খবৰ দিছিল । ৬ফেব্ৰুৱাৰী তাৰিখে খুলখালি ৰুমত যাওঁ বুলি কৈ ৰুমৰ পৰা ওলাই গৈ নিৰুদ্দেশ হয় যুৱকজন। ইয়াৰ পিছত লগৰীয়া বিভিন্ন ঠাইত বিচাৰে যদিও কোনো খবৰ পোৱা নাই লোকজনৰ ।

ঘটনা সন্দৰ্ভত ধেমাজি আৰক্ষীক ইতিমধ্যেই অৱগত কৰোৱাৰ পৰিয়ালে ।কোনো লোকে সন্ধানহীন লোকজন সন্ধান পালে 7637932496 নম্বৰত যোগাযোগ কৰি খবৰ দিবলৈ আহ্বান জনায় পৰিয়ালৰ ।

লগতে পঢ়ক:Missing student in Silapathar:চিলাপথাৰত নিৰুদ্দেশ অষ্টম শ্ৰেণীৰ ছাত্ৰী