Woman missing in Baksa: মুছলপুৰত ১১ দিন ধৰি সন্ধানহীন মহিলা
বাক্সা,১৩ ফেব্ৰুৱাৰী : বাক্সাৰ মুছলপুৰত মহিলা নিৰুদ্দেশৰ ঘটনা ।
১১ দিন ধৰি সন্ধানহীন বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং কাটলীগাঁওৰ সুৰসী শৰ্মা (৭৫) নামৰ মহিলা গৰাকী ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, যোৱা ২ ফেব্ৰুৱাৰীৰ দিনা প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ উভতি নাহিল মহিলা গৰাকী(Woman missing in Baksa)।
ইতিমধ্যে মহিলা গৰাকীৰ নিৰুদ্দেশ সংক্ৰান্তত মুছলপুৰ সদৰ থানাত পৰিয়ালে এখন এজাহাৰ দাখিল কৰিছে।
কোনো সদাশয় লোকে মহিলা গৰাকীৰ সন্ধান পালে ৮৪৭১৯৯১২৬৬ মোবাইল নম্বৰ অথবা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
লগতে পঢ়ক:Child Marriage: বাল্য বিবাহৰ সময়তে কইনা-দৰা আৰু অভিভাৱকক গ্ৰেপ্তাৰ