Local, Vocal, Global

Sensational incident:এগৰাকী নৱ-বিবাহিত মহিলাৰ চিপ লৈ আত্মহত্যা

নিউজ ডেস্ক,১২ ফিব্ৰুৱাৰী : এগৰাকী নৱ-বিবাহিত মহিলাৰ চিপ লৈ আত্মহত্যা। স্বামী হৈছে অসম আৰক্ষীৰ কামাণ্ড । পৰিয়ালৰ অভিযোগ এইয়া আত্মহত্যা নহয় হত্যা।

অসম আৰক্ষীৰ কামাণ্ড স্বামীৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি ন বোৱাৰী গৰাকীয়ে আত্মহত্যা কৰিলে নেকি ? পৰিয়ালৰ লোকে বাৰে বাৰে কলে একপ্ৰকাৰ শাৰীৰিক আৰু মানসিক ভাৱে অংকিতা বৰাৰ ওপৰৰ নিৰ্যাতন চলোৱাৰ কথা। এই চাঞ্চল্যকৰ ঘটনা হৈছে নগাঁৱৰ ননৈ তুলসীমুখৰ। স্বামী গৃহতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে অংকিতা বৰাৰ মৃতদেহ।অংকিতা বৰাৰ পিতৃ মাতৃৰ ঘৰ হৈছে কামপুৰৰ দক্ষিণপাট ভকত গাঁৱত(Sensational incident)।

এবছৰ পূৰ্বে তুলসীমুখ কুৰোৱাবাহীৰ বিশ্বজিত দাস নামৰ এইজন যুৱকৰ সৈতে বিবাহ পাষত আবদ্ধ হৈছিল অংকিত বৰাই। স্বামী বিশ্বজিত দাস হৈছে অসম আৰক্ষীৰ কামাণ্ড বাহিনীত কৰ্মৰত। মৃত অংকিতাক প্ৰতিদিনে মানসিক ভাৱে অত্যাচাৰ চলায় আহিছিল স্বামীৰ পৰিয়ালে। বিশ্বজিত দাসৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৬ মাহ পূৰ্বেই অংকিতাক পিতৃ মাতৃয়ে লৈ আহিছিল নিজ গৃহলৈ । দুয়োটা পৰিয়ালৰ বুজাবুজিৰ পাছত পুনৰ বিশ্বজিত দাসে পত্নী অংকিতাক স্বামী গৃহলৈ লৈ গৈছিল।

মঙলবাকে নিশাও অংকিতাৰ ওপৰত স্বামী বিশ্বজিত দাসে চলাইছিল শাৰিৰিক আৰু মানসিক অত্যাচাৰ। অংকিতাই নিশাই সকলো কথা খুলি কৈছিল নিজ মাতৃক। মাতৃয়ে ৰাতিপুৱালৈ অপেক্ষা কৰিব কৈছিল। কিন্তু পুৱা ৰহস্যজনক ভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় অংকিতাৰ মৃতদেহ ৷ অংকিতাৰ পৰিয়ালৰ অভিযোগ এইয়া আত্মহত্যা নহয় হত্যা কৰি উলমাই ৰখা হৈছে অংকিতাক ৷ ঘটনা সন্দৰ্ভত অংকিতাৰ পিতৃ মাতৃয়ে এজাহাৰ দাখিল কৰিছে স্বামী বিশ্বজিত আৰু পৰিয়ালৰ বিৰুদ্ধে ৷ ঘটনাস্থলীত ননৈ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে বিশ্বদাসক আটক কৰিছে।উল্লেখ্য যে, সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক:Bongaigaon News: বঙাইগাঁৱত জব্দ বুজন পৰিমাণৰ চোৰাং তেল