Dead Body found in Guwahati:বস্তাৰ ভিতৰত উদ্ধাৰ পুৰুষৰ মৃতদেহ

নিউজ ডেস্ক,১১ ফেব্ৰুৱাৰী:পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ। ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Deadbody recovered in Guwahati)।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।
যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত।
পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ। মালিগাঁৱৰ আদিংগিৰি পাহাৰত পুৰুষৰ মৃতদেহ উদ্ধাৰ।
এটা বস্তাৰ ভিতৰত উদ্ধাৰ মৃতদেহটো(Dead Body found in Guwahati)। দণ্ডাধীশৰ উপস্থিতিত বস্তাৰ পৰা উলিওৱা হয় মৃতদেহ। কোনো লোকে হত্য়া কৰি পেলাই দিয়াৰ সন্দেহ। কালাপানী গাৰেবস্তিৰ দুৰ্গম এলেকাত সংঘটিত হৈছে এই ঘটনা।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত উপস্থিত CID ৰ লগতে ফৰেনছিকৰ দল।মৃতদেহ নিৰুদ্দিষ্ট ইন্দ্ৰজিত চাংমাৰ বুলি সন্দেহ একাংশৰ।
ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য।
লগতে পঢ়ক:Delhi news: দিল্লীৰ AAP বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু